Department of Assamese

মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শাখাত অসমীয়া বিষয় উপলব্ধ৷অসমীয়া বিষয়ৰ শি‍ক্ষাদানৰ লগতে‍ বিভাগটোৱে জন্মলগ্নৰে পৰাই ছাত্ৰ-ছাত্ৰীৰ ভাষা-সাহিত্যৰ বিকাশৰ বাবে বিভিন্ন পদ‍ক্ষ‍েপ গ্ৰহণ কৰি আহিছে৷বিভাগৰ তৰফৰ পৰা এখন দৈনিক প্ৰাচীৰ পত্ৰিকাৰো ব্যৱস্থা কৰিছে৷উক্ত প্ৰাচীৰ পত্ৰিকাত ছাত্ৰ-ছাত্ৰসকলে সাহিত্য-সংস্কৃতিৰ লগতে‍ বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা বৈ‍জ্ঞানিক, সামাজিক, শৈ‍ক্ষিক আদি দিশৰ ওপৰতো আলোকপাত কৰি আহিছে৷আজিৰ তথ্য প্ৰযুক্ত‍িৰ যুগত ক্ৰমাৎ নতুন প্ৰজন্মই সৃষ্টিশীলতা হেৰুৱাই পেলোৱা বুলি সততে উঠি অহা অভিযোগৰ বিপৰীতে চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সাংস্কৃতিক চেতনা যাতে হেৰাই নাযায় তাৰ বাবেও চিন্তা চর্চা কৰি আহিছে৷বিভাগটোৱে ছাত্ৰ-ছাত্ৰীৰ মাজত সাংস্কৃতিক বাতাবৰণ গঢ়ি তোলাৰ বাবেও চেষ্টা কৰি আহিছে৷সময়ে সময়ে‍ বিভাগটোৱে স্নাতক পর্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা, কবিতা আবৃত্তি আৰু লিখন প্ৰতিযোগিতা আদিৰ আয়োজন কৰি আহিছে৷